Story:- সুদীৰ্ঘ এবছৰৰ পাছত মুকবধিৰ গাভৰু কণ্যাক ঘূৰাই পালে দৰং ৰ এহাল পিতৃ মাতৃয়ে।
Vo:-সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ সহায়ত সুদীৰ্ঘ এবছৰৰ পূৰ্বে হেৰাই যোৱা মুকবধিৰ গাভৰু কণ্যাক ঘূৰাই পাই উৎফুল্লিত হৈ পৰিল দৰং জিলাৰ দলগাও আৰক্ষী থানাৰ অন্তৰ্গত নিজ দলগাওৰ এহাল পিতৃ মাতৃ। দুদিন পূৰ্বে মাজনিশা জুৰীয়াৰ শিঙৰী মাদ্ৰাছা ওচৰত সোনাই ছাইদৰীয়া পথত বৰষুণত তিথি বুৰি এগৰাকী গাভৰু ছোৱালীয়ে চিঞৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে।
অসহায় কলা-বোবা ছোৱালী জনীক পাছত স্থানীয় সাংবাদিক এজনৰ ঘৰত আশ্ৰয় দিয়া হৈছিল। দূৰ্ভগীয়া ছোৱালী জনীৰ বাতৰি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰি মাক দেউতাকে সাংবাদিক গৰাকীৰ সৈতে যোগাযোগ কৰি জুৰীয়া পায়হি। আৰু জুৰীয়া আৰক্ষী থানাৰ ভাড়প্ৰাপ্ত বিষয়া অদিথ বড়োৰ জড়িয়তে সাংবাদিক নাজিম উদ্দিনে যুৱতীজনীক পিতৃ মাতৃক চমজাই দিয়াত আনন্দ প্ৰকাশ কৰে। পিতৃ চিলো সেখে জনোৱা মতে এবছৰ পূৰ্বে তেওঁৰ ছোৱালী জনী ঘৰৰ পৰাই নোহোৱা হৈছিল । এই সন্দভত দলগাও থানাত যোৱা বৰ্ষৰ আগষ্ট মাহত এখন এজাহাৰ দিয়া হৈছিল যদিও ছোৱালীজনীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে । অৱশেষত সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে ছোৱালীজনীৰ সন্ধান লাভ কৰে পৰিয়ালৰলোকে।
জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ'ৰ্ট।
No comments:
Post a Comment