ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হল এজন ১১ বছৰীয়া কিশোৰ । চিৰদিনৰ বাবে পংগুত্ব জীৱন কটাব লাগিব দৰং জিলাৰ বাহগড়াৰ চাহিলে ।
ৰাজ্যৰ বিভিন্ন ঠাইত ভুৱা চিকিৎসকৰ দ্বাৰা ভুল চিকিৎসাৰ বলিহৈ একাংশ ব্যক্তিয়ে চিৰদিনৰ বাবে ঘুনীয়া অথবা মৃত্যু হোৱা ঘটনা নতুন কথা নহয় । আনকি ভুৱা চিকিৎসক বুলি চিনাক্ত হোৱাৰ একাংশ ধুৰন্ধৰ ব্যক্তি য়ে পিচত ৰাইজৰ গণপ্ৰহাৰৰ লগতে আৰক্ষী থানাৰো আলহী হব হোৱাৰ দৰে ঘটনাও নতুন কথা নহয় । কিন্তু ইমানৰ পিচটো একাংশ ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ সামন্যতম জ্ঞান নথকাৰ পিচটো নিজে নিজকে প্ৰদান কৰা ডাক্টৰ উপাধিৰে গাওৰ হোজা মানুহক বুৰ্বক বনাই চিকিৎসা কৰি আহিছে । ঠিক তেনে এটা ঘটনা সংঘটিত হৈছে সোদ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কমলপুৰ সমষ্টিৰ অধিনৰ শৌলা গাৱঁত । নিজকে কেতিয়াবা এম বি এছ, কেতিয়াবা হেমি'অ চিকিৎসক বুলি পৰিচয় দিয়া উমেশ চন্দ্ৰ ডেকাৰ ভুল চিকিৎসাৰ বলিহৈ দৰংজিলাৰ বাহগড়াৰ চুমন চাহিল নামৰ ১১ বছৰীয়া শিশু এগৰাকীয়ে । যাৰ ফলত শিশুগৰাকী পংগুত্ব জীৱন কটাব লাগিবলৈ বাধ্য হৈ পৰিছে । শিশুগৰাকীৰ পিতৃয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ামতে পুত্ৰ চুমনৰ ৰাজহাৰ বিষ হোৱাৰ বাবে উক্ত চিকৎসক গৰাকীৰ ওচৰলৈ আহিছিল । প্ৰায় দহ মাহ পুৰ্বে চিকিৎসক গৰাকীৰ ওচৰলৈ। আহি ধাৰাবাহিকভাবে চিকিৎসা কৰি থাকে । দৈনিক এক হেজাৰ দু'শ টকাকৈ লৈ চিকিৎসক গৰাকীয়ে একোতাকৈ বেজি দিয়ে শিশু গৰাকীক । এনেদৰে দৈনিক বেজি দি অহাৰ ফলত শিশু গৰাকীৰ পিচফালটো সম্পুৰ্ণৰূপে নষ্ট হৈ যোৱাৰ ওপৰিও হাত ভৰিবোৰ ফুলিবলৈ আৰম্ভ কৰে । যাৰ ফলত শিশুগৰাকী সম্পুৰ্ণ ৰূপে ৰোগীয়া হৈ পৰে । পিচত চিকিৎসক গৰাকীৰ প্ৰতি শিশুগৰাকীৰ পৰিয়ালৰ সন্ধেহ ওপজাত উমেশ চন্দ্ৰ ডেকা নামৰ চিকিৎসক গৰাকীক প্ৰশ্ন কৰে । আনকি চিকিৎসক গৰাকীৰ চিকিৎসক হয় নে নহয় এই বিষয়ে প্ৰশ্ন কৰি তেওৰ প্ৰমানপত্ৰ চাবলৈ বিচাৰা হয় যদিও চিকিৎসক গৰাকীয়ে দেখুৱাব নোৱাৰীলে । শিশুগৰাকীক চিকিৎসা কৰাৰ নামত প্ৰায় সাত লাখ টকা আদায় দিয়াৰ পিচটো আৰোগ্য লাভ নকৰাত চিকিৎসক গৰাকীৰপ্ৰতি সন্ধেহ হয় । পিচত উপায়ন্তৰ হৈ পৰা পৰিয়ালটোৱে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । গোচৰ ৰুজু কৰাৰ পিচত চিকিৎসক গৰাকীক থানালৈ আনে যদিও বৰ্তমানলৈ আটক নকৰাত উপায়ন্তৰ হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।
ৰঙিয়াৰ পৰা ইনতাজ আলী
No comments:
Post a Comment