ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এজন ছাত্ৰৰ নাম
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম৷ ছাত্ৰগৰাকীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি অভিলেখ গঢ়িছে৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট হোৱা ছাত্ৰগৰাকী ৰঙিয়াৰ ধনজিৎ মল্ল বৰুৱা৷ উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই লক ডাউনৰ সময়ত সময়ৰ সদব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰথমে বিফল হৈছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে। অৱশেষত চাৰিবাৰৰ অন্তত এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে ধনজিৎ মল্ল বৰুৱা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল। কিন্তু সেই যুৱতীগৰাকীক পিছ পেলাই ধনজিতে এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই মানপত্ৰ, মেডেল, এটি কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে ধনজিৎ মল্ল বৰুৱাক। অনাগত দিনত গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিব ছাত্ৰজনে। ধনজিতৰ এই সাফল্যত তেওঁৰ পৰিয়ালৰ লগতে এতিয়া সমগ্ৰ ৰঙিয়াবাসীয়েই উৎফুল্লিত। ধনজিতৰ পিতৃৰ নাম অশ্বিনী মল্ল বৰুৱা আৰু মাতৃৰ নাম দীপিকা বৰুৱা।
ৰঙিয়াৰ পৰা ইনতাজ আলীৰ ৰিপ'ৰ্ট
No comments:
Post a Comment