ৰঙিয়া খন্দিকৰত বৃহৎ পৰিমানৰ ড্ৰাক্স উদ্ধাৰ । মুল ব্যৱসায়ি কানিয়া আৰক্ষীৰ বেহুফালি পলায়ন । তিনিজন আটক ।
ৰঙিয়া খন্দিকৰত তামুলপুৰ মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত বৃহৎ পৰিমানৰ ড্ৰাক্স সহ নগদ ধনৰ লগতে মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাক্স ব্যৱসায়ি ইদ্ৰীছ আলী ওৰফে *কাইনা* আৰক্ষীৰ বেহুফালি পলায়ন কৰে যদিও তিনিজনকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া *ৰূপজ্যোতি কলিতাৰ* নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে কাইনাৰ গৃহত তালাচী চলাই বৃহৎ পৰিমানৰ ড্ৰাক্সৰ লগত নগদ এক লাখ ৬৮ হেজাৰ আঠ'শ টকা জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও আৰক্ষীয়ে ড্ৰাক্স ব্যৱসায়ি জনৰ ঘৰৰ পৰা এখন টাটা টিয়াগো, এখন মটৰ চাইকেল কেইবাটাও মোবাইল ফোন, কেইবাখনো এ টি এম কাৰ্ড, কেইবাটাও খালি মানিবেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ৰঙিয়াৰ পৰা ইনতাজ আলী
No comments:
Post a Comment