মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মছিব নোৱাৰে।
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (LGBI Airport)ৰ নাম সলনিক লৈ উত্তাল হৈছে অসম। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে থকা বিমান বন্দৰৰ নামটো আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামেৰে নামকৰণ হ'ব বুলি বাতৰি ওলোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অধিকাংশই কৰিছে বিৰোধিতা।
বিমান বন্দৰটো ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে ৰাজ্যত। তাৰ মাজতে আজি সংবাদপত্ৰত প্ৰকাশিত এটা বিজ্ঞাপনৰ পিছতে জাঙুৰ খাই উঠে অসমবাসী। 'আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লিমিটেড' (Adani Guwahati International Airport Limited)ৰ নামত নিবিদা বিচাৰি প্ৰকাশ পোৱা বিজ্ঞাপনটোৱে তোলপাৰ লগায় ৰাজ্যত।
ছচিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে ব্যাপক হাৰত চৰ্চা হয়। বিভইন্ন দল সংগঠনেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।
অসম জাতীয় পৰিষদে "এই কু-অভিসন্ধিক প্ৰতিজন প্রকৃত অসমীয়াই নিন্দা কৰিব আৰু ওফৰাই পেলাব" বুলি নাম সলনিৰ বিৰোধিতা কৰে।
এই কু-অভিসন্ধিক প্ৰতিজন প্রকৃত অসমীয়াই নিন্দা কৰিব আৰু ওফৰাই পেলাব।
#AJP4Assam
#StopPrivatisationofProfitableEntities
অৱশ্যে কোনো কাৰণতে বিমান বন্দৰৰ নামৰ পৰা গোপীনাথ বৰদলৈৰ নাম মচিব দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মচিব নোৱাৰে।
No comments:
Post a Comment