👉 বৰঝাৰ বিমানবন্দৰত লাভলীনাক উষ্ম আদৰণি জনায়েই ৰঙিয়াস্থিত হৰদত্ত-বীৰদত্ত ভৱনৰ পুনঃনিৰ্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় ভৱেশ কলিতা
👉 প্ৰতিখন চাব ডিভিছনতে একোখন কৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী য়ে কৰা মন্তব্যক ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়েও দোহাৰিলে। আধুনিক তথা উন্নত মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মাণৰ সমান্তৰালে ক্ৰীড়া ক্ষেত্ৰখনত গুৰুত্ব দি এজনী নহয় এনে হাজাৰজনী লাভলীনাক সৃষ্টি কৰিব লাগিব বুলি মন্তব্য কলিতাৰ।
👉তাৰোপৰি অখিল গগৈয়ে AIUDF আৰু BJP ক সাম্প্ৰদায়িক দল বুলি কৈ কংগ্ৰেছক AIUDF ৰ লগত থাকি আত্মহননৰ দৰে পথ বাছি লোৱা বুলি যি মন্তব্য কৰিছিল সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে 'মই নাজানোঁ অখিল গগৈ কংগ্ৰেছৰ মাৰ্গ দৰ্শক নে কি !'
👉 দিল্লীত সাংসদ সকলৰ লগত মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছতে ৰাজ্যত সৰ্বত্ৰে চৰ্চা চলি আছে যে কংগ্ৰেছী নেতা , সাংসদ প্ৰদ্যুৎ বৰদলৈ যাব নেকি বিজেপিত ! এই সন্দৰ্ভত ভৱেশ কলিতাই কয় ' তেনে কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই।'
ৰঙিয়াৰ পৰা ইনতাজ আলী